Vaastu- A vedic Science

 

অসমৰ প্ৰতিঘৰ মানুহতেই সমস্যা আছে | কাৰোবাৰ বেছি আন কাৰোবাৰ কম | ইয়াৰ কাৰণ হ’ল ঘৰ নিৰ্মানৰ সময়ত ৰৈ যোৱা ভুল | বাস্তব্তঃ মানুহৰ জীৱনত সুখ-দুখ, সফলতা-অসফতাৰ কাৰণ হ’ল ব্যক্তিৰ উপযুক্ত জ্ঞানৰ অভাৱ | মই ক’ব বিচাৰিছো "বাস্তু"-ৰ কথা | বিষয়টো নতুন নহয়, বৈদিক যুগৰ পৰা চলি অহা এটা অত্যাবশ্যকীয় বিষয় | ব্যক্তিৰ স্ব-স্বাৰ্থত বেছি গুৰুত্ব দিয়াৰ বাবেই এই দৰ্কাৰী বিষয়বোৰ এলাগী হৈ আছে | কোৱা বাহুল্য যে, কুৰি শতিকাৰ বিজ্ঞানৰ চৰম অগ্ৰগতিয়ে বিশ্ববাসীক চমক লগালেও প্ৰকৃতিৰ কৰ্ম-কান্ডৰ ওচৰত মানুহৰ অস্তিত্ব যে একেবাৰে অৰ্থহীন তাক ভাবিবলৈ ডাঙৰ মাথাৰ মানুহবোৰকো বাধ্য কৰাইছে | সেয়ে, মানুহ প্ৰজাতিটো সমস্যাৰ মাজত কক-ব্কাই থাকি ইয়াৰ পৰা পৰিত্ৰান পাবলৈ পুনঃ বৈদিক যুগৰ সোনালী সম্ভাৰৰ বিষয়বোৰৰ আবশ্যকীয়তা উপলব্ধি কৰিবলৈ বাধ্য হৈছে | সময়ৰ অভাবৰ বাবে মই বেছিকৈ ব্যাখ্যা কৰিব নোৱাৰিলো | পাঠকে মোৰ "সম্পূৰ্ণ বাস্তু" চাব আৰু তাত এটা নতুন যুগৰ বাট বিচাৰি পাব | এই প্ৰচেষ্টা অসমতেই নহয় ভাৰতবৰ্ষত সৰ্ব প্ৰথম বুলি মই ভাবো |

 

এতিয়া প্ৰশ্ন হ’ল বাস্তু কি ?

বাস্তু বুলিলে সকলো নিৰ্মাণ কাৰ্য্যকে বুজায়, ই সংস্কৃত শব্দ আৰু ইয়াৰ অৰ্থ হৈছে "বাস" (dwelling)| এই বিধ প্ৰাচীন বিজ্ঞান হিন্দুৰ কান্ডাৰী স্বৰুপ অৰ্থব বেদৰ অন্তৰ্ভুক্ত স্থাপত্য বেদ | ইয়াৰ ওপৰিও পুৰাণকে আদি কৰি একাধিক গ্ৰ্ন্থ ভাৰতীয় বৈদিক সাহিত্যত অন্তৰ্ভূক্ত হৈ আছে | এই শাস্ত্ৰ্ৰৰ আধাৰতে বাস গৃহ, ব্যৱ্সায় প্ৰ্তিস্থান, অফিচ-কচাৰী, মন্দিৰ-মচজিদ, উত্‍পাদন প্ৰ্তিস্থান, নগৰ-চহৰ, কুৱাঁ-পুখুৰি আদি সকলো নিৰ্মান কাৰ্য্য কৰাৰ প্ৰতি নিৰ্দিষ্ট কিছুমান তত্ব আগঢ়োৱা হৈছে |

 

বাস্তু অৰু পঞ্চ তত্ব:

পৃথিবীৰ সকলো বস্তু পঞ্চ তত্বৰে গঠিত আৰু এই তত্ব কেইবিধ হ’ল- আকাশ, বতাহ, মাটি, পানী আৰু জুই | আমি থকা ঘৰখনো এই তত্ব কেই্টাত গুৰুত্ব দিয়ে তৈয়াৰ কৰা প্ৰ্য়োজন | ইহ্তৰ ভাৰসাম্যতাৰ অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে | উদাহৰণ স্বৰুপে, যদি আপোনাৰ ঘৰৰ দক্ষিনৰ পৰা দক্ষিন-পশ্চিম দিশ পৰ্য্যন্ত পানীৰ উত্‍স থাকে তেন্তে পুত্ৰ সন্তানৰ মৃত্যু নিশ্চিত | এই ঘটনা মোৰ জীৱনত বহুবাৰ প্ৰতক্ষ্য কৰিছো |

 

- মোৰ "সম্পূৰ্ন বাস্তু" পঢ়ক, সম্পুৰ্ন জানিবৰ বাবে (প্ৰকাশৰ পথত)

 

**************বাস্তু দৰ্শন আৰু বাস্তু দোষ নিৰ্মূল কৰিবৰ বাবে যোগাযোগ কৰক**********

বাস্তুদোষ নিবাৰনৰ যন্ত্ৰ সমুহ ( A set )

মূল্যঃ ৩,৮০০.০০ টকা মাত্ৰ |